Wednesday, February 4

Article

অসমীয়া ভাষা

অসমীয়া ভাষা

Article
অসমীয়া ভাষাক সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা বুলি কোৱা হয়। ইয়াক ঘাইকৈ উত্তৰ পূৰ্বাঞ্চলৰ অসমত বাস কৰা লোকে ব্যবহাৰ কৰে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ লগতে মেঘালয়, নাগালেণ্ড আদিৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোনো ঠাইত অসমীয়াভাষী লোকে বাস কৰি আহিছে। অৰুণাচল প্ৰদেশৰ দ্বিতীয় উপভাষা হিচাপে চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। কাৰণ অৰুণাচল প্ৰদেশৰ কোনো কোনো ঠাইত অসমীয়া লোকে বাস কৰি আহিছে। অসমীয়াভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাবে ব্যৱহাৰ হয়। তদুপৰি ভুটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। স্বাধীন ভাৰতৰ সংবিধান প্ৰণয়নৰ সময়ত যিবোৰ ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তর্ভুক্ত কৰা হৈছিল, তাৰ ভিতৰত অসমীয়াও এটা। ইয়াৰ অর্থ এয়াই যে, সংবিধান প্রণেতাসকালে অসমীয়া ভাষাক দেশৰ এটা ভাষা হিচাপে স্বীকৃতি দিছিল। অসমীয়া ভাষাৰ সংকট আৰম্ভ হৈছিল আজিৰ প...
ভাৰতীয় চলচ্চিত্ৰ আৰু ভাষা

ভাৰতীয় চলচ্চিত্ৰ আৰু ভাষা

Article
ভাৰতীয় চলচ্চিত্ৰ আৰু ভাষাভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত অনুৰাগীৰ ভিত্তিত বলীউড যিকোনো আঞ্চলিক চলচ্চিত্ৰ উদ্যোগতকৈ আগবাঢ়ি আছে। হিন্দী ভাষাই বলীউডক ভাৰতীয় চলচ্চিত্ৰ বজাৰৰ বাবে এক প্ৰধান দৰ্শক হিচাপে গঢ়ি তুলিছে। কভিড pendemic ৰ আগতে ভাৰতত প্ৰতি বছৰে প্ৰায় ১৫০০- ২০০০ চিনেমা বনোৱা হৈছিল আৰু প্ৰায় ২০ বছৰমান আগতে ইয়াৰে আধা চিমেনা হিন্দীভাষী আছিল। কাৰণ তেতিয়া চিত্ৰ নিৰ্মাতাসকলৰ হাতত শক্তি আছিল আৰু আৰু তেওঁলোকে জানিছিল যে হিন্দী চিনেমা বেছি সংখ্যক মানুহে চাব যাৰ পৰা তেওঁলোকে পইছা পাব। সেই চিনেমাবোৰ তেওঁলোকে ডাঙৰ ডাঙৰ চহৰত দেখাত ধুনীয়া অভিনেতা অভিনেত্ৰী লৈ কৰিছিল। কিন্তু এনেকৈনো আৰু কিমান চলিব। এনেকৈ ২০০০ চনৰ পিছৰ পৰা আঞ্চলিক চলচ্চিত্ৰবোৰ হিন্দীত পুনৰ্নিৰ্মাণ হ'বলৈ ধৰিলে। যিবোৰ চিনেমা ইতিমধ্যে জনপ্ৰিয় হৈছিল সেইবোৰ আকৌ হিন্দীত বেলেগ দিৰেক্তৰে নিজাকৈ বনাবলৈ ল'লে। ভাৰতীয় চিনেমা বৈচিত্ৰ্যৰ বাবে বিখ...
Increase in prices

Increase in prices

Article
One of the burning problems of the present time is inflation. Why are the farmers in such a bad financial situation despite the increase in the price of these products? Where does this money go even though all the people of India always buy vegetables and fruits? Buyers and sellers have a random relationship with price increases. When the number of buyers exceeds the number of sellers, prices rise. When the number of sellers is large, buyers have many options and when the number of sellers is small, buyers do not have many options. However, when farmers bring everything to the market together during the growing season, the number of buyers decreases. This is because agriculture is climate dependent. And climate change is an inevitable issue of the times. Our country has suffered many times...
পাণমছলা আৰু পিক পেলোৱাৰ সমস্যা

পাণমছলা আৰু পিক পেলোৱাৰ সমস্যা

Article
বিগত কেইটামান বছৰত নৱপ্ৰজম্মৰ যুৱক-যুৱতিৰ লগতে কিশোৰসকলোকো আকৰ্ষিত কৰি আহিছে কিছুমান শ্ৰুতিমধুৰ বাক্য লিখা থকা ৰঙীণ পেকেটে। কেশৰ বা ইলাচিৰ গুৰি বুলি বিজ্ঞাপনত দেখুওৱা এই পাণমছলা বিধ বহুতো বেমাৰৰ কাৰণ হৈ পৰিছে। বিখ্যাত অভিনেতাবোৰে ডাঙৰ চহৰত বনোৱা বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাত দেখা পোৱা সেই অভিনেতাজনে হাতত লৈ থকা পেকেটোৰ ছবিখনলৈ এই কেশৰ, ইলাচিৰ ব্যৱসায়টো আমি ভবাতকৈ বহুতেই বেলেগ। ভাৰতত চকলেটৰ কোম্পানীয়ে ১৬০০০ কৌতি টকা আৰু বিস্কুটৰ কোম্পানীয়ে ৩৭০০০ কৌতি টকাৰ ব্যৱসায় কৰি থকা অৱস্থাত ২০২১ চনৰ মতে পাণমছলাৰ কোম্পানীয়ে কিন্তু ৪১,৮২১ কৌতি টকাৰ ব্যৱসায় কৰি আছে। তেনেস্থলত এজন ডাঙৰ অভিনেতাৰ দ্বাৰা বিজ্ঞাপন বনাই তেওঁক ১০ কৌতি টকা দিলেও পাণমছলাৰ ব্যৱসায়ৰ মাত্ৰ ০.০২% হে খৰচ হয়। পানমছলা ৰপ্তানি কৰাত ভাৰত পৃথিৱীৰ ভিতৰতেই প্ৰথম স্থানত আছে আৰু ভাৰতৰ পৰা আটাইতকৈ বেছিকৈ আমদানি কৰা দে...
প্লাষ্টিকৰ ভয়াবহতা

প্লাষ্টিকৰ ভয়াবহতা

Article
প্লাষ্টিক আমাৰ সকলোৰে বাবে কিমান ভয়াবহ সেয়া হয়তো আমি সকলোৱে ভালদৰেই জানো। অসম বা ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বতে প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ আচৰিত ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত বিশ্ব ধ্বংসৰ মুখলৈ গৈ আছে। প্লাষ্টিক সামগ্ৰীসমূহ হ’ল অপচনশীল সামগ্ৰী। প্লাষ্টিক মাটিত পুতি থলেও পচি নাযায়, পুৰিলেও বায়ুমণ্ডল দূষিত হয়, নদী অথবা সাগৰত পেলাই দিলেও জলচৰ প্ৰাণীবোৰৰ মৃত্যু হয়। প্লাষ্টিকৰ ব্যৱহাৰে যে কেৱল মানুহৰেই ক্ষতি কৰিছে তেনে নহয় ই সমগ্ৰ বিশ্বৰ সকলো জীৱ – জন্তু, চৰাই – চিৰিকতিৰেই ক্ষতি সাধন কৰি আছে। বিভিন্ন গৱেষণা অনুসৰি বৰ্তমানো ৯০৩ কৌতি টন প্লাষ্টিক গোটেই বিশ্বত মজুত আছে। ইয়াৰে ১.৩ কৌতি টন প্লাষ্টিক প্ৰতি বছৰে সাগৰত পেলাই দিয়া হয়। সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিদিনে প্ৰায় ২৫,৯৪০ টন প্লাষ্টিক আৱৰ্জনা উৎপন্ন হয়। ইয়াৰোপৰি প্ৰতি বছৰে বিদেশৰ পৰা এক লাখ মেট্ৰিক টন প্লাষ্টিক ভাৰতলৈ আহে।অসম চৰকাৰৰ পৰি...
লাচিত বৰফুকন

লাচিত বৰফুকন

Article
সমগ্ৰ ভাৰতবৰ্ষৰেই ইতিহাসৰ অন্যতম বীৰ যোদ্ধা হ’ল অসম ৰাজ্যৰ নৱমজন ফুকনলুং লাচিত বৰফুকন বা চাও লাচিত ফুকনলুং। অসম বুৰঞ্জীৰ পাত লুটিয়াই চালেই গৌৰবাম্বিত হোৱা এক অপৰাজেয় ব্যক্তিত্ব, অদম্য সাহস আৰু সংগ্ৰামৰ এক প্রতীক তথা চিৰসেউজ সত্বাৰ নাম আমি বীৰ লাচিত বৰফুকন বুলি ক’ব পাৰো। বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম । তেওঁৰ দেউতাক আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-মাইৰ সপ্তম পুত্ৰ। জন্মসূত্ৰে তেওঁৰ নাম আছিল লা-চিত ৷ ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ ...
দেওলাংখুই

দেওলাংখুই

Article
সাধাৰণতে ঐতিহাসিক ঘটনাৰ কিতাপবোৰ পঢ়াত মোৰ নিচা অলপ অন্য কিতাপতকৈ কম আছিল। কিন্তু এই কিতাপখনে মোৰ সেই ধাৰণাও সলনি কৰি পেলালে। কিতাপখনত থকা ঘটনাবোৰ চকু সম্মুখত দেখি থকা যেন লাগিল। উপন্যাসখনত ইমানটা প্ৰজন্মৰ কাহিনী সংলগ্ন হৈ থাকিলেও অলপ সময়ৰ কাৰণেও পঢ়ি থকা সময়ত আমনি লগা নাছিল, কাৰণ প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকটো চৰিত্ৰ ইটোৱে সিটোৰ সৈতে জড়িত। উপন্যাসখনত থকা প্ৰতাপচন্দ্ৰ, ৰাজমাতা, সগৰ, চন্দ্ৰপ্ৰভা, বকুলি, সাধুকুমাৰ, কনচাৰি, সোণজিৰা, আৰিমত্ত, চামল, গংগাৱতী, ৰত্নাৱলী, ৰত্নসিংহ, জকাংক, সুকমোলা, বাডচা ৰজা, ধনেশ্বৰ আদি প্ৰতিটো চৰিত্ৰই পাঠকক জীৱনৰ বাটত প্ৰয়োজন হোৱা শিক্ষা দিব বুলি মই ভাবোঁ। চন্দ্ৰপ্ৰভাৰ জীৱনৰ প্ৰতিটো এন্ধাৰ প্ৰহৰত বুকুখন কপি উঠিছিল, চকুৰ দৃষ্টি অস্পষ্ট হোৱাৰ আগমূহুৰ্তত গলত কিবা হেঁচা অনুভৱ কৰিছিলোঁ। অলপ ভুল বুজাবুজিৰ বলি হৈ প্ৰতাপচন্দ্ৰই খঙত লোৱা সিদ্ধান্তৰ বাবে তেওঁ আজীৱন ক...
আমি বাৰু একেনে ?

আমি বাৰু একেনে ?

Article
আমি সকলোবোৰ বাৰু একেনে ? বৰ্তমান আধুনিক সময়ত আধুনিকতাৰে পৰিপূৰ্ণ শিশুৰ পৰা কৈশোৰলৈ, আদবয়সীয়াৰ পৰা বয়সীয়ালৈ আমাৰ সকলোৰে বাৰু সাদৃশ্য আছেনে? মুখেৰে আছে বুলি বা নাই বুলি ক’লেও আমি ইয়াৰ উত্তৰ আমাৰ কামবোৰেৰে নিশ্চয় পাওঁ। যি সময়ত এখন গাঁৱত এটা ৰেডিঅ’ শুনিবলৈ সকলো মানুহ একগোট হৈছিল সেই মানুহবোৰে এতিয়া হাতে হাতে পৃথিৱীখন লৈ ফুৰা হ’ল। আমি বাৰু এতিয়া পাৰিমনে সেই এটা ৰেডিঅ’ সময়ত গৈ দিন কটাব ? আমি মানুহবোৰৰ দিনক দিনে চিন্তা শক্তিবোৰ দাৰ্শনিক দৃষ্টি ভংগীৰ পথত অগ্ৰসৰ হৈছে। সেয়ে আজিৰ পৰা দহ বছৰ আগতে দুবেলা দুসাজ খাই জীয়াই থাকিবলৈ ইচ্ছা কৰা ব্যক্তিজনে আজি তেওঁৰ কুৰি বছৰীয়া সন্তানৰ নামত ভৱিষ্যত প্ৰজন্মলৈ চক্ৰবৃদ্ধি সুত পোৱা ঠাইত টকা সঞ্চয় কৰিবলৈ লৈছে। এতিয়া জন্মদিন বুলি ৰাতিপুৱা শৰাইখন দিয়াৰ আগতেই ৰাতিপুৱা মোবাইলটো চাওঁতে হোৱাটচাপত ষ্টেটাচটো দিয়াৰহে সময় আহিল, ষ্টেটাচ দিয়াবোৰ অলপ বেছি মৰ...
মূল্যবোধৰ অৱক্ষয়

মূল্যবোধৰ অৱক্ষয়

Article
বৰ্তমানৰ যুগটো হৈছে যান্ত্রিকতাৰে ভৰা যুগ। এই সময়ত প্রতিজন ব্যক্তিয়ে এটা আধুনিক জীৱনৰ সৈতে নিজক খাপ খুৱাই ব্যস্ত হৈ পৰিছে। ফলস্বৰূপে হয়তো তেজৰ সম্পৰ্কেৰে বান্ধ খাই থকা পৰিয়াল একোটাত আপোনজনৰ বাবে অলপ সময়ৰ অভাৱ ঘটিছে। আমি নিজকে একোজন সুস্থ ব্যক্তিত্ব ব্যক্তি ৰূপে গঢ় দিবলৈ হ’লে এটা সুস্থ পৰিবেশৰ আৰু সুস্থ চিন্তাৰ প্ৰয়োজন হোৱাৰ লগতে আমাৰ জীৱনৰ লগত জড়িত সম্পৰ্কবোৰকো মজবুত কৰি ৰখাটো সিমানেই প্ৰয়োজনীয়। আমাৰ চিন্তা-ভাৱনাবোৰ কোনো দৰ – দাম কৰিব পৰা ধৰণৰ বস্তু নহয়। কিন্তু প্ৰকৃততে আমি আমাৰ চিন্তা-ভাৱনাবোৰক কি ধৰণে প্ৰকাশ কৰিছোঁ বা আমাৰ চিন্তা-ভাৱনাবোৰে আমাক কিদৰে পৰিচালিত কৰিছে সেইটোহে চিন্তনীয় কথা। ‘ঘৰখনেই শিক্ষাৰ কঠিয়াতলি’ – উক্ত বাক্যশাৰীয়ে এজন ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। শিশু এটাৰ জন্ম হোৱাৰ পাছত শিশুটোৱে পৰিয়ালৰ সদস্যসকলৰ পৰা কেনেকুৱা পৰিৱেশত কেনেকুৱা শিক্ষা বা জ্ঞান প...
নিষিদ্ধ

নিষিদ্ধ

Article
ভালপোৱা মাত্ৰ এটি শব্দ নহয়, ই হ’ল দুটা আত্মাৰ মিলনৰ অনুভৱ। উক্ত উপন্যাসখনত লেখিকাই কৈছে যে- ভিন্নতা স্পষ্ট ভাষাত আকোঁৱালি লোৱাই প্ৰকৃত সভ্যতা।নিজৰ ব্যতিক্ৰমী মনটোৰ কথা মাকক বহুবাৰ কৈছিল অভিমন্যুৱে, কিন্তু নাই নুবুজিলে তেওঁ। সেয়ে ফুলশয্যাৰ নিশাই পত্নী ৰস্নাৰ ওচৰত ক্ষমা খুজি সকলো কথা প্ৰকাশ কৰিলে অভিমন্যুৱে আৰু সেই ল’ৰাৰ চেহেৰাৰ ভিতৰত সোমাই থকা নাৰীৰ মনটোক বুজি পালে ৰস্নাই। নিজৰ ভুলৰ বাবে এটা নিৰ্দোষ প্ৰাণীক কষ্ট দিয়া দোষবোধৰ পৰা পৰিত্ৰাণ পাবলৈ অভিমন্যুৱে বিয়া দিলে ৰস্নাক ৰাজীৱৰ লগত। ৰং তুলিকাৰ মাজত নিজৰ জীৱন অতিবাহিত কৰি অভিমন্যুৱে বাট চাই ৰ’ল নিজৰ ‘soulmate’ জনৰ বাবে। আৰু অৱশেষত পত্নী আৰু দুটা সন্তানৰ পিতৃ চিত্ৰ সমালোচক সুৰুযলোচন বৰুৱা হয় অভিমন্যুৰ আত্মাৰ লগৰি। এই পথ সহজ-সৰল নাছিল যদিও সেয়া ভগৱানে দিয়া আশীৰ্বাদ আছিল অভিমন্যুৰ বাবে। নিজক নিভাঁজকৈ প্ৰকাশ কৰি একো বিনিময় নিবিছৰাকৈ অকল ...