Wednesday, February 4

Feature

Zubeenda’s Demise : An Unbelievable Truth

Zubeenda’s Demise : An Unbelievable Truth

Feature
Zubeenda had once said in his song, “I want to rest in the ocean’s depths.” But, who could have imagined that this would turn out to be true ? It is an unbelievable truth that Assam’s heartbeat, Zubeen Garg, is no more. The era named after Zubeen has come to an end. His untimely death is an irreparable loss not only for Assam, but for the entire musical world of India.For several generations, Zubeen Garg was not just a name, he was a grand novel in himself. Today, in the hearts and minds of every Assamese and every admirer of Zubeen, there is but one name—Zubeen Garg. For decades, he was the heartthrob who lived in people’s hearts, a true devotee of music who could create words and melodies for every moment of life.In our happiness, sorrows, love, separations and prayers—there was always Z...
এক মানিব নোৱাৰা সত্য

এক মানিব নোৱাৰা সত্য

Feature
"সাগৰ তেলিত শুৱৰে মন" বুলি তেওঁ গানতহে কৈছিল, সেয়া সঁচা হ'ব বুলিনো কোনে ভাবিব পাৰে। এয়া এক মানি ল'ব নোৱাৰা সত্য যে অসমৰ প্ৰাণ জুবিন গাৰ্গ আৰু নাই, জুবিন নামৰ যুগটোৰ অন্ত পৰিল। তেওঁৰ এই অকাল মৃত্যু অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি হ'ল। কেইবাটাও প্ৰজন্মৰ বাবে জুবিন গাৰ্গ এটি মাথো নাম নহয়, তেওঁ এখন ডাঙৰ উপন্যাস। প্ৰতিজন অসমবাসীৰ লগতে প্ৰতিজন জুবিন প্ৰেমীৰ মন মগজুত আজি কেৱল এটাই নাম - "জুবিন গাৰ্গ"। আজি কেইবাটাও দশকজুৰি মানুহৰ হৃদয়ত স্থান লোৱা হার্টথ্রব জুবিন গাৰ্গে জীৱনৰ প্ৰতিটো মূহূৰ্তৰ বাবে কথা-সুৰৰ সৃষ্টি কৰিব পৰা সংগীতৰ পূজাৰী‌ আছিল। আমাৰ সুখ, দুখ, প্ৰেম, বিচ্ছেদ, প্ৰাৰ্থনা সকলোতে জুবিন। সকলো প্ৰকাৰৰ গান গাব পৰাকৈ প্ৰতিভাশালী আছিল তেওঁ। অসমৰ সম্পদ বুলি ক'ব পৰাকৈ ব্যক্তিত্ব আছিল তেওঁৰ। তেওঁ বহুত সোনকালে গ'লগৈ, এইটো তেওঁৰ যোৱাৰ বয়স নাছিল। অসমখনৰ বাবে তেওঁ আ...
সম্পৰ্কবোৰ এতিয়া ষ্টেতাচত

সম্পৰ্কবোৰ এতিয়া ষ্টেতাচত

Feature
এয়া আধুনিকতাৰ যুগ। আমি দিনক দিনে বিজ্ঞান প্রযুক্তিৰ লগতে আন আন সকলো দিশতে আগবাঢ়ি গৈ আছোঁ। আমি যিমানে আগবাঢ়ি গৈ আছো সিমানেই যান্ত্রিকতাৰ জগতৰ গভীৰলৈ প্রৱেশ কৰি গৈ আছোঁ। প্রযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে আজি আমাৰ মাজৰ প্রায় সকলোৰে লগত স্মার্টফোন আছে। স্মার্টফোনৰ যোগেদি প্রায়সংখ‍্যক লোকেই সামাজিক মাধ্যমৰ সৈতে জৰিত। স্মার্টফোন থকা প্রায় প্রতিগৰাকী লোকৰেই সামাজিক মাধ্যমত নিজৰ একোটা একাউন্ট আছে। আমাৰ মাজত জনপ্রিয় কেইটামান সামাজিক মাধ্যম হ'ল ফেচবুক,ইনষ্টাগ্ৰাম, হোৱাটচাপ আদি। এই মাধ্যমবোৰৰ সহায়ত আমি পৃথিৱীৰ যিকোনো মানুহৰ সৈতে চিনাকি হ'ব পাৰোঁ বা বন্ধুত্বও গঢ়িব পাৰোঁ। কিছু তথ্য অনুসৰি জানিব পৰা মতে ফেচবুকত দৈনিক ১ বিলিয়নতকৈ অধিক সক্ৰিয় ব্যৱহাৰকাৰী, আৰু ইয়াৰে এটা বৃহৎ অংশই (৫০ কোটিৰো অধিক) দৈনিক ষ্টেটাছ, গল্প বা মন্তব্য পোষ্ট কৰে। একেদৰে ইনষ্টাগ্ৰামত দৈনিক প্ৰায় ৫০০ তকৈ অধিক মিলিয়ন লোকে ষ্টেটা...
এয়াই নতুন বছৰ

এয়াই নতুন বছৰ

Feature
এয়া ব'হাগ। ব'হাগ মানেই নতুনত্ব, ব'হাগ মানেই সৌন্দৰ্য। ব'হাগৰ মাহ হয় বসন্ত ঋতুত। ব'হাগ মানেই ব'হাগ বিহু বা ৰঙালী বিহু। এই ব'হাগ বিহুত অনেক ৰং- ধেমালি কৰা হয় বাবে, ইয়াক ৰঙালী বিহু বোলা হয়। ব'হাগ মাহতেই গছ-লতা, তৰু-তৃণে কুঁহিপাত মেলে, মানুহেও নতুন সাজপাৰ পিন্ধে, প্ৰকৃতিয়ে ৰূপ সলায়, চৰায়েও নিজৰ সুন্দৰ ৰূপ প্ৰদৰ্শন কৰে। কুলি, কেতেকীৰ শুৱলা কণ্ঠত আমাৰ আশা, উৎসাহ জাগি উঠে। কামিনী কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙীন ৰঙত ব'হাগী মনে মৰমৰ গীত গুণগুণায়। বিহুগীত, হুঁচৰিগীতেৰে চৌদিশ উখল-মাখল হৈ আনন্দেৰে ভৰি পৰে। এনেদৰেই অসমীয়াই নৱবর্ষক আদৰণী জনায়। এই বিহু কেতিয়াৰ পৰা সৃষ্টি হ'ল বুলি ক'লে সঠিককৈ কোৱা অসম্ভৱ যদিও মূলত কৃষিৰ সৈতে সংগতি ৰাখি এই আনন্দোৎসৱৰ উদ্ভাৱন হোৱা বুলি ক'ব পাৰি। যাৰ অন্তৰালত সম্ভাৱনাৰ গভীৰ ৰহস্য নিহিত হৈ থাকে। বিহুক বাদ দি অসমীয়াই অসমীয়া জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু গৌৰৱৰ কথা ভাবিব নোৱাৰ...
অসম সাহিত্য সভা অধিবেশন

অসম সাহিত্য সভা অধিবেশন

Feature
১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হয়। সভাৰ প্রথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি ভূমিকা গ্রহণ কৰি আহিছে সেয়া অতুলনীয়। অসম সাহিত্য সভা শতবর্ষ পুৰণি অনুষ্ঠান।এইবাৰ ২০২৫ বৰ্ষটো অসমৰ বজালী জিলাৰ পাঠশালা চহৰত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন সুকলমে সমাপ্ত হয়। পাঠশালাত এইবাৰ দ্বিতীয় বাৰৰ বাবে এই অধিৱেশন অনুস্থিত হয়। ইয়াৰ পূৰ্বে ১৯৮৭ চনত এই অধিৱেশন সেই একেই ঠাইতে অনুস্থিত হৈছিল যদিও এইবাৰৰ অসম সাহিত্য সভা সম্পূৰ্ণ পৃথক। ৩১ জানুৱাৰী, ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী মুঠ পাঁচ দিনীয়া কাৰ্যসূচীৰ কিছু ব্যতিক্ৰমী ধৰণে এই অধিৱেশন পাৰ হয়। প্রতিদিনে লাখ লাখ মানুহৰ সমাৱেশ ঘটে এইবাৰৰ পাঠশালাৰ অসম সাহিত্য সভাত। অসমীয়া গদ্য স...
এয়া সপোনৰ নগৰী

এয়া সপোনৰ নগৰী

Feature
বহুতৰে সপোনৰ নগৰী হ'ল কৃষ্ণচূড়া নগৰী। উত্তৰ পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয় । প্ৰায় পাঁচ হাজাৰতকৈও অধিক ল'ৰা- ছোৱালীয়ে সপোনৰ পিছত দৌৰি আছে এই বিশ্ববিদ্যালয়ত। প্ৰতি বছৰে হাজাৰ হাজাৰ ল'ৰা- ছোৱালী আহে এই নগৰীত, লগত ককবকাই লৈ আহে কেইটামান সপোনৰ টোপোলা। বহুতে এই সপোনৰ টোপোলাৰ ওজন আৰু বঢ়াই লৈ ওলাই যায় আৰু আন বহুতে গমকে নাপায় কেতিয়ানো এই ওজন ক'ৰবাত হেৰাই যায়। এই বিশ্ববিদ্যালয়ে বহুতকে বহুতো কথা শিকায়, কোনোবাই যদি জীৱন জীয়াৰ শিক্ষা পায় কোনোবাই আকৌ প্ৰেমৰ ৰং বিৰঙি শিক্ষা পায়। কোনোৱে ইউনিভাৰ্ছিটিখনৰ প্ৰেমত পৰি নিজৰ আনুষ্ঠানিক শিক্ষাৰ বাট ইয়াতেই বঢ়াই গৈ থাকে আৰু কোনোৱে এই ইউনিভাৰ্ছিটিৰ চিনাকিৰেই দেশ বিদেশে ঘূৰি ফুৰে। কোনোৱে যদি জীৱনসংগীৰ সংজ্ঞা বিচাৰি পায় কোনোবাই আকৌ এই সংজ্ঞাৰ অৰ্থ হেৰাই পেলাই। মেঘালী, চেনিপুল, বিশাল ষ্টোৰ..... এইবোৰ ইউনিভাৰ্ছিটিখনৰ...
AI Tools are reducing human-centric jobs

AI Tools are reducing human-centric jobs

Feature
Artificial intelligence (AI) has become an integral part of our lives. AI tools are significantly faster than humans in various tasks due to their ability to rapidly process and analyze large amounts of data. For example if a human have to translate 1000 sentences from English to Spanish it can take a human being 5 -10 hours (depending on the expertise of the translator), but doing the same thing by AI takes 1-10 seconds. This shift has made jobs across industries less human-centric. Similarly, robots and automated systems now control assembly, welding, and quality checks in factories. For example, Tesla uses robots to manufacture cars, increasing efficiency and cutting costs. Using robots results in less labor required for repetitive tasks. We all know that humans make mistakes, but robot...
নাৰীৰ শত্ৰু কোন

নাৰীৰ শত্ৰু কোন

Feature
আমি সকলোৱেই এষাৰ কথা কেতিয়াবা নহয় কেতিয়াবা শুনিছোঁ, যে 'নাৰীয়ে নাৰীৰ শত্ৰু' । কথাষাৰ কিমানলৈ সঁচা বা মিছা সেয়া হয়তো আমি কেতিয়াও অনুকীয়াই চোৱা নাই। "নাৰীয়ে নাৰীৰ শত্ৰু" বাক্যাংশটোৱে এটা জটিল বিষয়ক অতি সৰল কৰি তুলিছে। সকলো কথাৰে যিহেতু বেয়া আৰু ভাল দুটা দিশ থাকে গতিকে এইষাৰ কথাৰো দুটা দিশ আছে। সাধাৰণতে এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ হোৱালৈ নাৰী জাতিটোক অনুসৰণ কৰিয়েই ডাঙৰ হয়। সৰু ছোৱালী এজনীৰ সৰুৰ পৰা ওচৰত থকা নাৰী গৰাকীয়েই তাইৰ আদৰ্শ স্বৰূপ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা যায় যে ছোৱালীবোৰৰ বন্ধুত্ব ল'ৰাবোৰৰ বন্ধুত্বৰ দৰে নহয়। নাৰীয়ে নাৰীক যিমান হিংসা কৰে সিমান হিংসা ভাৱ পুৰুষৰ মাজত নাথাকে। এজনী মাহেকীয়া হ'বলৈ আৰম্ভ হোৱা ছোৱালীক তাইৰ ঘৰত থকা আন মহিলাসকলে যিমান অপবিত্ৰ বুলি শিকাই প্ৰকৃততে মাহেকীয়া ইমান অপবিত্ৰও নহয়। তেনেদৰেই এগৰাকী বিধৱা মহিলাক আন মহিলাসকলে যিমান অৱহেলা কৰে...
সাধুকথাবোৰ জীয়াই ৰাখক

সাধুকথাবোৰ জীয়াই ৰাখক

Feature
কিতাপৰ মহত্ত্ব আমাৰ জীৱনত কিমান সেয়া আমি সকলোৱে জানো। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা সময়ত পঢ়া কিতাপৰ বাহিৰেও আন বহুতো কিতাপ আছে যিয়ে আমাক জ্ঞান দিয়ে, যিবোৰ পঢ়ি আমি নিজকো ভালে ৰাখিব পাৰো। কিন্তু এই কিতাপ পঢ়াৰ অভ্যাস আমি এতিয়া খুব কমেই দেখিবলৈ পাওঁ। কিতাপৰ অৰ্থয়ে হ'ল জ্ঞানৰ ভঁৰাল। কোনো কিতাপেই কোনো লিখকৰ বাবে বেয়া নহয়। কিতাপৰ ভাল বা বেয়া বুলি কোনো শ্ৰেণবিভাজন নাথাকে অথবা থাকিবও নালাগে। তথাপিও বৰ্তমানৰ প্ৰজন্মৰ মাজত এনে অভ্যাস থকা ল'ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ ল'ৰা- ছোৱালীলৈ কিতাপ আৰু মোবাইল ফোনৰ মাজৰ বাছনিত মোবাইলৰ পাল্লাখনহে ভৰি থাকিব। ইয়াত অৱশ্যে অভিভাৱকসকলৰো একেবাৰে দোষ নথকা নহয়। সন্তান এটা জন্ম হোৱাৰ পিছত তাক খুৱাবলৈ, শুৱাবলৈ সকলো কামতে বাৰু মোবাইল ফোনৰ সহায় লোৱাটো প্ৰয়োজন নেকি? আগৰ দিনত অভিভাৱকসকলক খাদ্য খুৱাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন নহৈছিল। ...
আমাৰ ধৈৰ্য কমিল

আমাৰ ধৈৰ্য কমিল

Feature
মোবাইল ফোনটো আমাৰ বাবে কিমান লাগতীয়াল বস্তু সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। কিন্তু এই মোবাইল ফোনটোৱে এতিয়া আকৌ অলপ বেলেগ ধৰণেৰে আমাক মোহিত কৰি আছে। কিছু সময়ৰ পৰা শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষিত কৰি ৰখা এবিধ বস্তু হৈছে shorts ভিডিঅ' (চুটি ভিডিঅ')। মোবাইল ফোনৰ প্ৰায় আটাইকেইটা সামাজিক মাধ্যমৰ এপতে এই ৩০ ছেকেণ্ড বা ১ মিনিটৰ ভিডিও কেইটা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'বোৰে আমাৰ দৈনন্দিন জীৱনত কিমান ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে সেয়া হয়তো আমি অনুভৱ নকৰোঁ। মোবাইল ফোনত ভিডিঅ' আমি সকলোৱে চাওঁ। তথাপিও কিন্তু এই চুটি ভিডিওবোৰ আমাৰ এতিয়া বেছি ভাল লগা হৈ আহিছে। কিছু তথ্য অনুসৰি জানিব পৰা গৈছে যে চুটি ভিডিঅ'সমূহ দীঘলীয়া ভিডিঅ'তকৈ ২.৫ গুণে বেছি আকৰ্ষণীয় হয়। এই চুটি ভিডিঅ'বোৰ এবাৰতকৈ বেছিকৈ চালেও দৰ্শকৰ আমনি নালাগে। এনেকুৱা ভিডিঅ'বোৰে দৰ্শকক তৎক্ষণাৎ মোহিত কৰিব পাৰে। এনে...