Monday, April 28

Feature

এয়াই নতুন বছৰ

এয়াই নতুন বছৰ

Feature
এয়া ব'হাগ। ব'হাগ মানেই নতুনত্ব, ব'হাগ মানেই সৌন্দৰ্য। ব'হাগৰ মাহ হয় বসন্ত ঋতুত। ব'হাগ মানেই ব'হাগ বিহু বা ৰঙালী বিহু। এই ব'হাগ বিহুত অনেক ৰং- ধেমালি কৰা হয় বাবে, ইয়াক ৰঙালী বিহু বোলা হয়। ব'হাগ মাহতেই গছ-লতা, তৰু-তৃণে কুঁহিপাত মেলে, মানুহেও নতুন সাজপাৰ পিন্ধে, প্ৰকৃতিয়ে ৰূপ সলায়, চৰায়েও নিজৰ সুন্দৰ ৰূপ প্ৰদৰ্শন কৰে। কুলি, কেতেকীৰ শুৱলা কণ্ঠত আমাৰ আশা, উৎসাহ জাগি উঠে। কামিনী কাঞ্চন, কৃষ্ণচূড়াৰ ৰঙীন ৰঙত ব'হাগী মনে মৰমৰ গীত গুণগুণায়। বিহুগীত, হুঁচৰিগীতেৰে চৌদিশ উখল-মাখল হৈ আনন্দেৰে ভৰি পৰে। এনেদৰেই অসমীয়াই নৱবর্ষক আদৰণী জনায়। এই বিহু কেতিয়াৰ পৰা সৃষ্টি হ'ল বুলি ক'লে সঠিককৈ কোৱা অসম্ভৱ যদিও মূলত কৃষিৰ সৈতে সংগতি ৰাখি এই আনন্দোৎসৱৰ উদ্ভাৱন হোৱা বুলি ক'ব পাৰি। যাৰ অন্তৰালত সম্ভাৱনাৰ গভীৰ ৰহস্য নিহিত হৈ থাকে। বিহুক বাদ দি অসমীয়াই অসমীয়া জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু গৌৰৱৰ কথা ভাবিব নোৱাৰ...
অসম সাহিত্য সভা অধিবেশন

অসম সাহিত্য সভা অধিবেশন

Feature
১৯১৭ চনত অসম সাহিত্য সভাৰ জন্ম হয়। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হয়। সভাৰ প্রথমগৰাকী সভাপতিৰ আসন অলংকৃত কৰিছিল পদ্মনাথ গোহাঞি বৰুৱাই। অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যৰ প্রতিষ্ঠা, প্রচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যি ভূমিকা গ্রহণ কৰি আহিছে সেয়া অতুলনীয়। অসম সাহিত্য সভা শতবর্ষ পুৰণি অনুষ্ঠান।এইবাৰ ২০২৫ বৰ্ষটো অসমৰ বজালী জিলাৰ পাঠশালা চহৰত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন সুকলমে সমাপ্ত হয়। পাঠশালাত এইবাৰ দ্বিতীয় বাৰৰ বাবে এই অধিৱেশন অনুস্থিত হয়। ইয়াৰ পূৰ্বে ১৯৮৭ চনত এই অধিৱেশন সেই একেই ঠাইতে অনুস্থিত হৈছিল যদিও এইবাৰৰ অসম সাহিত্য সভা সম্পূৰ্ণ পৃথক। ৩১ জানুৱাৰী, ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰী মুঠ পাঁচ দিনীয়া কাৰ্যসূচীৰ কিছু ব্যতিক্ৰমী ধৰণে এই অধিৱেশন পাৰ হয়। প্রতিদিনে লাখ লাখ মানুহৰ সমাৱেশ ঘটে এইবাৰৰ পাঠশালাৰ অসম সাহিত্য সভাত। অসমীয়া গদ্য স...
এয়া সপোনৰ নগৰী

এয়া সপোনৰ নগৰী

Feature
বহুতৰে সপোনৰ নগৰী হ'ল কৃষ্ণচূড়া নগৰী। উত্তৰ পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয় । প্ৰায় পাঁচ হাজাৰতকৈও অধিক ল'ৰা- ছোৱালীয়ে সপোনৰ পিছত দৌৰি আছে এই বিশ্ববিদ্যালয়ত। প্ৰতি বছৰে হাজাৰ হাজাৰ ল'ৰা- ছোৱালী আহে এই নগৰীত, লগত ককবকাই লৈ আহে কেইটামান সপোনৰ টোপোলা। বহুতে এই সপোনৰ টোপোলাৰ ওজন আৰু বঢ়াই লৈ ওলাই যায় আৰু আন বহুতে গমকে নাপায় কেতিয়ানো এই ওজন ক'ৰবাত হেৰাই যায়। এই বিশ্ববিদ্যালয়ে বহুতকে বহুতো কথা শিকায়, কোনোবাই যদি জীৱন জীয়াৰ শিক্ষা পায় কোনোবাই আকৌ প্ৰেমৰ ৰং বিৰঙি শিক্ষা পায়। কোনোৱে ইউনিভাৰ্ছিটিখনৰ প্ৰেমত পৰি নিজৰ আনুষ্ঠানিক শিক্ষাৰ বাট ইয়াতেই বঢ়াই গৈ থাকে আৰু কোনোৱে এই ইউনিভাৰ্ছিটিৰ চিনাকিৰেই দেশ বিদেশে ঘূৰি ফুৰে। কোনোৱে যদি জীৱনসংগীৰ সংজ্ঞা বিচাৰি পায় কোনোবাই আকৌ এই সংজ্ঞাৰ অৰ্থ হেৰাই পেলাই। মেঘালী, চেনিপুল, বিশাল ষ্টোৰ..... এইবোৰ ইউনিভাৰ্ছিটিখনৰ...
AI Tools are reducing human-centric jobs

AI Tools are reducing human-centric jobs

Feature
Artificial intelligence (AI) has become an integral part of our lives. AI tools are significantly faster than humans in various tasks due to their ability to rapidly process and analyze large amounts of data. For example if a human have to translate 1000 sentences from English to Spanish it can take a human being 5 -10 hours (depending on the expertise of the translator), but doing the same thing by AI takes 1-10 seconds. This shift has made jobs across industries less human-centric. Similarly, robots and automated systems now control assembly, welding, and quality checks in factories. For example, Tesla uses robots to manufacture cars, increasing efficiency and cutting costs. Using robots results in less labor required for repetitive tasks. We all know that humans make mistakes, but robot...
নাৰীৰ শত্ৰু কোন

নাৰীৰ শত্ৰু কোন

Feature
আমি সকলোৱেই এষাৰ কথা কেতিয়াবা নহয় কেতিয়াবা শুনিছোঁ, যে 'নাৰীয়ে নাৰীৰ শত্ৰু' । কথাষাৰ কিমানলৈ সঁচা বা মিছা সেয়া হয়তো আমি কেতিয়াও অনুকীয়াই চোৱা নাই। "নাৰীয়ে নাৰীৰ শত্ৰু" বাক্যাংশটোৱে এটা জটিল বিষয়ক অতি সৰল কৰি তুলিছে। সকলো কথাৰে যিহেতু বেয়া আৰু ভাল দুটা দিশ থাকে গতিকে এইষাৰ কথাৰো দুটা দিশ আছে। সাধাৰণতে এজনী ছোৱালী সৰুৰ পৰা ডাঙৰ হোৱালৈ নাৰী জাতিটোক অনুসৰণ কৰিয়েই ডাঙৰ হয়। সৰু ছোৱালী এজনীৰ সৰুৰ পৰা ওচৰত থকা নাৰী গৰাকীয়েই তাইৰ আদৰ্শ স্বৰূপ হয়। বহুতৰে মুখত শুনিবলৈ পোৱা যায় যে ছোৱালীবোৰৰ বন্ধুত্ব ল'ৰাবোৰৰ বন্ধুত্বৰ দৰে নহয়। নাৰীয়ে নাৰীক যিমান হিংসা কৰে সিমান হিংসা ভাৱ পুৰুষৰ মাজত নাথাকে। এজনী মাহেকীয়া হ'বলৈ আৰম্ভ হোৱা ছোৱালীক তাইৰ ঘৰত থকা আন মহিলাসকলে যিমান অপবিত্ৰ বুলি শিকাই প্ৰকৃততে মাহেকীয়া ইমান অপবিত্ৰও নহয়। তেনেদৰেই এগৰাকী বিধৱা মহিলাক আন মহিলাসকলে যিমান অৱহেলা কৰে...
সাধুকথাবোৰ জীয়াই ৰাখক

সাধুকথাবোৰ জীয়াই ৰাখক

Feature
কিতাপৰ মহত্ত্ব আমাৰ জীৱনত কিমান সেয়া আমি সকলোৱে জানো। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা সময়ত পঢ়া কিতাপৰ বাহিৰেও আন বহুতো কিতাপ আছে যিয়ে আমাক জ্ঞান দিয়ে, যিবোৰ পঢ়ি আমি নিজকো ভালে ৰাখিব পাৰো। কিন্তু এই কিতাপ পঢ়াৰ অভ্যাস আমি এতিয়া খুব কমেই দেখিবলৈ পাওঁ। কিতাপৰ অৰ্থয়ে হ'ল জ্ঞানৰ ভঁৰাল। কোনো কিতাপেই কোনো লিখকৰ বাবে বেয়া নহয়। কিতাপৰ ভাল বা বেয়া বুলি কোনো শ্ৰেণবিভাজন নাথাকে অথবা থাকিবও নালাগে। তথাপিও বৰ্তমানৰ প্ৰজন্মৰ মাজত এনে অভ্যাস থকা ল'ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ ল'ৰা- ছোৱালীলৈ কিতাপ আৰু মোবাইল ফোনৰ মাজৰ বাছনিত মোবাইলৰ পাল্লাখনহে ভৰি থাকিব। ইয়াত অৱশ্যে অভিভাৱকসকলৰো একেবাৰে দোষ নথকা নহয়। সন্তান এটা জন্ম হোৱাৰ পিছত তাক খুৱাবলৈ, শুৱাবলৈ সকলো কামতে বাৰু মোবাইল ফোনৰ সহায় লোৱাটো প্ৰয়োজন নেকি? আগৰ দিনত অভিভাৱকসকলক খাদ্য খুৱাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন নহৈছিল। ...
আমাৰ ধৈৰ্য কমিল

আমাৰ ধৈৰ্য কমিল

Feature
মোবাইল ফোনটো আমাৰ বাবে কিমান লাগতীয়াল বস্তু সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। কিন্তু এই মোবাইল ফোনটোৱে এতিয়া আকৌ অলপ বেলেগ ধৰণেৰে আমাক মোহিত কৰি আছে। কিছু সময়ৰ পৰা শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষিত কৰি ৰখা এবিধ বস্তু হৈছে shorts ভিডিঅ' (চুটি ভিডিঅ')। মোবাইল ফোনৰ প্ৰায় আটাইকেইটা সামাজিক মাধ্যমৰ এপতে এই ৩০ ছেকেণ্ড বা ১ মিনিটৰ ভিডিও কেইটা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'বোৰে আমাৰ দৈনন্দিন জীৱনত কিমান ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে সেয়া হয়তো আমি অনুভৱ নকৰোঁ। মোবাইল ফোনত ভিডিঅ' আমি সকলোৱে চাওঁ। তথাপিও কিন্তু এই চুটি ভিডিওবোৰ আমাৰ এতিয়া বেছি ভাল লগা হৈ আহিছে। কিছু তথ্য অনুসৰি জানিব পৰা গৈছে যে চুটি ভিডিঅ'সমূহ দীঘলীয়া ভিডিঅ'তকৈ ২.৫ গুণে বেছি আকৰ্ষণীয় হয়। এই চুটি ভিডিঅ'বোৰ এবাৰতকৈ বেছিকৈ চালেও দৰ্শকৰ আমনি নালাগে। এনেকুৱা ভিডিঅ'বোৰে দৰ্শকক তৎক্ষণাৎ মোহিত কৰিব পাৰে। এনে...
অৰুণাভ ছাৰ

অৰুণাভ ছাৰ

Feature
গ্ৰন্থ: অৰুণাভ ছাৰ লেখক: অজন্তা প্ৰকাশক: অনন্ত হাজৰিকা বনলতা পানবজাৰ, গুৱাহাটী - ১ মূল্য: ১১০.০০ টকা "অৰুণাভ ছাৰ" এখন অসমীয়া সামাজিক উপন্যাস। 'অৰুণাভ ছাৰ' অজন্তা বাইদেওৰ এনেকুৱা এখন উপন্যাস য'ত যিকোনো শ্ৰেণীৰ পাঠককে মোহিত কৰিব পৰা গুণ আছে। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ আৰু সেই প্ৰদেশৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ বিভিন্ন নগৰ আৰু অঞ্চলক উপন্যাসখনত খুব সুন্দৰকৈ স্থাপন কৰা হৈছে। এজন ভদ্ৰ প্ৰশাসনিক বিষয়া 'অৰুণাভ' আৰু তেওঁৰ পাৰ্চনেল এচিছটেণ্ট 'মায়াবী' উপন্যাস খনৰ মূল চৰিত্ৰ। মায়াবী দুই সন্তানৰ এগৰাকী বিধৱা মাতৃ। স্বামী অংশুমানৰ সৈতে বৈবাহিক বান্ধনত বান্ধ খোৱাৰ পিছতো মায়াবীয়ে বুজি পোৱা নাছিল প্ৰেম মানে কি। অংশুমানৰ মৃত্যুৰ কিছু বছৰ পিছত মায়াবীৰ জীৱনত আগমন হৈছিল অৰুণাভ ছাৰৰ, এজন ভগৱানৰ ৰূপত। যাৰ পৰা মায়াবীয়ে জীৱনৰ অৰ্থ বিছাৰি পাইছ...
Indian Cinema and Language

Indian Cinema and Language

Feature
Within Indian cinema, Bollywood is ahead of any regional film industry in terms of fan base. Hindi has made Bollywood a major audience for the Indian film market. Before the COVID pandemic, about 1,500-2,000 films were made in India every year and about 20 years ago, half of these films were in Hindi. Because then the filmmakers had the power and they knew that more people would watch Hindi movies from which they would make money. They made those movies in big cities with beautiful actors and actresses. But how much longer will this continue? Thus, after 2000, regional films began to be remade in Hindi. Films that were already popular were made in Hindi by different directors. But now South Indian films have at least somewhat more fans than Bollywood films. In this case we can talk about t...
দেৱালী আৰু আমাৰ সংস্কৃতি

দেৱালী আৰু আমাৰ সংস্কৃতি

Feature
দেৱালী হ'ল পোহৰৰ উৎসৱ। যুগ যুগান্তৰ ধৰি এই উৎসৱ চলি আহিছে। জনবিশ্বাসমতে ৰামায়ণৰ কাহিনী অনুসৰি এই উৎসৱ পালন কৰে বুলি কোৱা হয়। ৰাম - সীতা আৰু লক্ষ্মণ চৈধ্য বছৰ বনবাস সম্পূৰ্ণ কৰি ঘৰলৈ ঘূৰি আহোঁতে অযোধ্যাবাসীয়ে সকলো ঠাই চাকিৰ পোহৰেৰে উজ্বলাই তুলিছিল বুলি শুনিবলৈ পোৱা যায়। কিন্তু আজিৰ পৰা কেইবছৰমান আগতে থকা দেৱালীৰ পৰিৱেশ যেন এতিয়া দেখা পোৱা নাযায়। বছৰে বছৰে আমি যেন আমাৰ শিপা পাহৰি যাবলৈ লৈছোঁ। সকলোদিশে প্ৰযুক্তিৰ লগত আগবাঢ়ি যাওঁতে যাওঁতে আমি আমাৰ থলুৱা সংস্কৃতি আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ এৰাব লৈছোঁ। পোহৰৰ বাবে মাটিৰ চাকি জ্বলোৱা পৰিবৰ্তে বহুতো লোকৰ বাবে ভিন্নৰঙী লাইটবোৰ বেছি সহজলভ্য হৈ পৰিছে। মাটিৰ চাকিৰ পৰিবৰ্তে লাইট অথবা কেণ্ডেলেৰে ঠাইবোৰ পোহৰাই তুলিলে দেৱালীৰ প্ৰকৃততা নাইকীয়া হৈ যাব। তাৰোপৰি ফটকা ফুটোৱাৰ উৎসৱ আছেই। সঁচাকৈ দেৱালী বুলিলেই এতিয়াৰ সৰু ল'ৰা ছোৱালীবোৰৰ মনত আগতে ফটকাৰ কথ...