সাধুকথাবোৰ জীয়াই ৰাখক
কিতাপৰ মহত্ত্ব আমাৰ জীৱনত কিমান সেয়া আমি সকলোৱে জানো। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা সময়ত পঢ়া কিতাপৰ বাহিৰেও আন বহুতো কিতাপ আছে যিয়ে আমাক জ্ঞান দিয়ে, যিবোৰ পঢ়ি আমি নিজকো ভালে ৰাখিব পাৰো। কিন্তু এই কিতাপ পঢ়াৰ অভ্যাস আমি এতিয়া খুব কমেই দেখিবলৈ পাওঁ। কিতাপৰ অৰ্থয়ে হ'ল জ্ঞানৰ ভঁৰাল। কোনো কিতাপেই কোনো লিখকৰ বাবে বেয়া নহয়। কিতাপৰ ভাল বা বেয়া বুলি কোনো শ্ৰেণবিভাজন নাথাকে অথবা থাকিবও নালাগে। তথাপিও বৰ্তমানৰ প্ৰজন্মৰ মাজত এনে অভ্যাস থকা ল'ৰা-ছোৱালীৰ সংখ্যা তেনেই তাকৰ। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ ল'ৰা- ছোৱালীলৈ কিতাপ আৰু মোবাইল ফোনৰ মাজৰ বাছনিত মোবাইলৰ পাল্লাখনহে ভৰি থাকিব। ইয়াত অৱশ্যে অভিভাৱকসকলৰো একেবাৰে দোষ নথকা নহয়। সন্তান এটা জন্ম হোৱাৰ পিছত তাক খুৱাবলৈ, শুৱাবলৈ সকলো কামতে বাৰু মোবাইল ফোনৰ সহায় লোৱাটো প্ৰয়োজন নেকি? আগৰ দিনত অভিভাৱকসকলক খাদ্য খুৱাবলৈ মোবাইল ফোনটোৰ প্ৰয়োজন নহৈছিল।
...








