অসম দিৱস
ভাৰতৰ ৰাজ্য অসমত ২ ডিচেম্বৰৰ দিনটোক প্ৰতি বছৰে চ্যুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। ক্ৰাউন প্ৰিন্স ৰূপে ১৯ বছৰ পাৰ কৰাৰ পিছত ভাতৃৰ জন্মৰ পিছত চ্যুকাফাই মোং মাও এৰাৰ সিদ্ধান্ত লৈছিল। পৰম্পৰা অনুসৰি সেই সময়ত তেওঁৰ আইতাকে তেওঁক কৈছিল যে- ” যিদৰে এখন অৰণ্যত একেলগে দুটা বাঘ নাথাকে, তেনেদৰে দুটা ৰজা এখন সিংহাসনত নবহে।” তাৰ পিছত তেওঁ ১২২৭ খ্ৰীষ্টাব্দত (কোনো কোনো বুৰঞ্জীবিদে ইয়াক ১২১৫ খ্ৰীষ্টাব্দ বুলিও কয়) তেওঁ মোং মাওৰ পৰা যাত্ৰা আৰম্ভ কৰে। ১২২৮ চনৰ,২ ডিচেম্বৰৰ দিনটোত চাও লুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ দক্ষিণ পূবৰ নামৰূপ (ব্ৰহ্মপুত্ৰ নদীৰ পাৰ) পায়হি। অসমত বহুতো ভাল ঠাই বিচাৰি ঘূৰি ফুৰাৰ পিছত ১২৩৬ খ্ৰীষ্টাব্দত অভয়াপুৰী আৰু ১২৪০ খ্ৰীষ্টাব্দত ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ ধেমাজি যায়গৈ। ১২৪৪ খ্ৰীষ্টাব্দত তেওঁ লিগিৰি গাঁওত যায় আৰু ১২৪৬ খ্ৰীষ্টাব্দত সিমলুগুৰি পায়গৈ। অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত...

