Wednesday, February 4

Feature

অসম দিৱস

অসম দিৱস

Feature
ভাৰতৰ ৰাজ্য অসমত ২ ডিচেম্বৰৰ দিনটোক প্ৰতি বছৰে চ্যুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰা হয়। ক্ৰাউন প্ৰিন্স ৰূপে ১৯ বছৰ পাৰ কৰাৰ পিছত ভাতৃৰ জন্মৰ পিছত চ্যুকাফাই মোং মাও এৰাৰ সিদ্ধান্ত লৈছিল। পৰম্পৰা অনুসৰি সেই সময়ত তেওঁৰ আইতাকে তেওঁক কৈছিল যে- ” যিদৰে এখন অৰণ্যত একেলগে দুটা বাঘ নাথাকে, তেনেদৰে দুটা ৰজা এখন সিংহাসনত নবহে।” তাৰ পিছত তেওঁ ১২২৭ খ্ৰীষ্টাব্দত (কোনো কোনো বুৰঞ্জীবিদে ইয়াক ১২১৫ খ্ৰীষ্টাব্দ বুলিও কয়) তেওঁ মোং মাওৰ পৰা যাত্ৰা আৰম্ভ কৰে। ১২২৮ চনৰ,২ ডিচেম্বৰৰ দিনটোত চাও লুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ দক্ষিণ পূবৰ নামৰূপ (ব্ৰহ্মপুত্ৰ নদীৰ পাৰ) পায়হি। অসমত বহুতো ভাল ঠাই বিচাৰি ঘূৰি ফুৰাৰ পিছত ১২৩৬ খ্ৰীষ্টাব্দত অভয়াপুৰী আৰু ১২৪০ খ্ৰীষ্টাব্দত ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ ধেমাজি যায়গৈ। ১২৪৪ খ্ৰীষ্টাব্দত তেওঁ লিগিৰি গাঁওত যায় আৰু ১২৪৬ খ্ৰীষ্টাব্দত সিমলুগুৰি পায়গৈ। অৱশেষত ১২৫৩ খ্ৰীষ্টাব্দত...
মূল্যবৃদ্ধিয়ে কোঙা কৰিলে জীৱন

মূল্যবৃদ্ধিয়ে কোঙা কৰিলে জীৱন

Feature
যোৱা এবছৰৰ পৰা আমাৰ দেশত যিটো গতিত মূল্যবৃদ্ধি হ’ব ধৰিছে সাধাৰণ মানুহে জীয়াই থকাটো অসম্ভৱেই হৈ পৰিছে। সকলো বস্তুৰ মূল্যবৃদ্ধিয়ে খাতিখোৱা মানুহক দিনক দিনে দৰিদ্ৰতাৰ পথলৈ ঠেলি দিছে ।মূল্যবৃদ্ধি বুলি ক’লেই বৰ্তমান তেলৰ কথাই মনলৈ অহে। যিহেতু তেল নোহোৱাকৈ আমি এসাঁজ ভাতো খাব নোৱাৰো, সেয়ে ১০০ টকাৰ পৰা ২০০ টকা হ’লেও আমি তেল কিনি খামেই। একেদৰে অতিকৈ সাধাৰণ খাদ্য দালী , যি আমাৰ চকুৰ পলকতে ৬০/৭০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বাঢ়ি গ’ল। তথাপিও আমি সেয়া খাব লাগিব। ঠিক তেনেদৰে সু স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে আমাক ফল-মূল, সতেজ শাক পাচলি আদিৰ প্ৰয়োজন। কিন্তু বজাৰত বস্তুবোৰৰ জুই চাই দামৰ বাবে সেইবোৰ কিনিবলৈও বহুবাৰ ভাবিব লগা হয়। ইমানবোৰৰ পিছতো ভেজাল খাদ্য, অধিক চিন্তা‌ অথবা আন কিবা বেমাৰৰ পৰা আৰোগ্য হ’বলৈ ঔষধেও দামৰ ক্ষেত্ৰত পিছপৰি নাথাকিল। এতিয়াৰ এই যান্ত্ৰিকতাৰ পৃথিৱীত আমাৰ দৈনন্দিন জীৱনৰ অতিকে সুবিধা...
ছোৱালীবোৰ কিমান দূৰ সুৰক্ষিত

ছোৱালীবোৰ কিমান দূৰ সুৰক্ষিত

Feature
বৰ্তমান নিজকে শিক্ষিত নাগৰিক বুলি দাবী কৰা এই সমাজখনত ছোৱালীবোৰ বাৰু সঁ‌চাকে সুৰক্ষিতনে নে ? যোৱা পাঁচ বছৰত অসমত প্ৰায় ১৮,৬৯৩ গৰাকী শিশু কন্যা- যুৱতী ধৰ্ষণ হ’ল । অৰ্থাৎ বছৰি প্ৰায় ৩ হাজাৰ আৰু প্ৰতিদিনে গড়ে প্ৰায় ১০ টাতকৈও অধিক ধৰ্ষণ কাৰ্য সংঘটিত হৈ আছে। দুখৰ বিষয়টো হ’ল যে নাৰীজনিত দোষত এন চি আৰ বিৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত অসম ছয় নম্বৰ স্থানত আছে । ইয়াৰোপৰি বিগত পাঁচ বছৰত ৬৫,৮৪৫ টা গোচৰ মহিলা আৰু কিশোৰীৰ ওপৰত অত্যাচাৰ চলোৱাৰ বাবে গোচৰ ৰুজু হৈছে । কিন্তু লক্ষ্যনীয় বিষয়তো হ’ল যে ইমানবোৰ অপৰাধ কৰা কিমানজন অপৰাধিয়ে শাস্তি পাইছে ? অসমৰ নাম উজ্বল কৰা ইমান সুনামী ছোৱালীৰ আদৰ্শ থকাৰ পিছতো এচাম মানব ৰূপী দানববোৰে অপৰাধবোৰ কৰিবলৈ এবাৰো ভাবি নাচায় । যদি অপৰাধীক চিনাক্ত কৰাৰ লগে লগে কঠোৰতম শাস্তি প্ৰদান কৰা হ’লহেঁতেন তেন্তে এই ঘৃণনীয় ঘটনাবোৰ হ্ৰাস নাপালেহেঁতেন নে বা...