দায়িত্ব
"মা..মা শুনা না, কাইলৈ আমি ক'ৰাবলৈ যোৱা কথা আছে নেকি?
"হঠাতে দৌৰি আহি ঋষিয়ে বৰষাক প্ৰশ্নটো সুধিলে। হাতত লৈ থকা কিতাপখনৰ পৰা মূৰ তুলি চাই তাই দেখে যে তাৰ হাতত থকা মোবাইল ফোনটোৱে কিদৰে তাৰ দৃষ্টি আকৰ্ষণ কৰি ৰাখিছে। তাৰ সেই মনোযোগ ভংগ কৰিবলৈ বৰষায়ো কিছু পৰলৈ একো উত্তৰ নিদিলে। বৰষাই মানুহৰ এনেকুৱা স্বভাৱবোৰ বৰ বেয়া পায়। মাকৰ মৌনতাত ঋষিয়ে মাকৰ মুখলৈ চালে।
:"কিয়, কাইলৈ কিবা আছে নেকি ?"
:"অহো মা... তুমি যে প্ৰতিবাৰেই পহৰা। কাইলৈ দেওবাৰ।"
বৰষা এগৰাকী কৰ্ম ব্যস্ত মহিলা। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শুৱালৈ তাইৰ আজৰি নাই। ঘৰত মানুহ বুলিবলৈ ৰাহুল বৰষা আৰু সিহঁতৰ ল'ৰা ঋষি। একেলগে বহি সময় কটাবলৈ তিনিওজনে অকল দেওবাৰটোহে পায়। বৰষা স্বভাৱগতভাৱে খুব শান্ত আৰু আৱেগিক। পেচাগত ভাৱে এগৰাকী চৰকাৰী কৰ্মচাৰী যদিও সাহিত্য তাইৰ নিচা। সেয়ে দিনটো কাম কৰাৰ পিছতো গধূলি ঘৰলৈ আহি অলপ সময়ৰ কাৰণে হ'লেও কিত...







