Tuesday, September 22

Author: Himadri

Increase in prices

Increase in prices

Article
One of the burning problems of the present time is inflation. Why are the farmers in such a bad financial situation despite the increase in the price of these products? Where does this money go even though all the people of India always buy vegetables and fruits? Buyers and sellers have a random relationship with price increases. When the number of buyers exceeds the number of sellers, prices rise. When the number of sellers is large, buyers have many options and when the number of sellers is small, buyers do not have many options. However, when farmers bring everything to the market together during the growing season, the number of buyers decreases. This is because agriculture is climate dependent. And climate change is an inevitable issue of the times. Our country has suffered many times...
দেৱালী আৰু আমাৰ সংস্কৃতি

দেৱালী আৰু আমাৰ সংস্কৃতি

Feature
দেৱালী হ'ল পোহৰৰ উৎসৱ। যুগ যুগান্তৰ ধৰি এই উৎসৱ চলি আহিছে। জনবিশ্বাসমতে ৰামায়ণৰ কাহিনী অনুসৰি এই উৎসৱ পালন কৰে বুলি কোৱা হয়। ৰাম - সীতা আৰু লক্ষ্মণ চৈধ্য বছৰ বনবাস সম্পূৰ্ণ কৰি ঘৰলৈ ঘূৰি আহোঁতে অযোধ্যাবাসীয়ে সকলো ঠাই চাকিৰ পোহৰেৰে উজ্বলাই তুলিছিল বুলি শুনিবলৈ পোৱা যায়। কিন্তু আজিৰ পৰা কেইবছৰমান আগতে থকা দেৱালীৰ পৰিৱেশ যেন এতিয়া দেখা পোৱা নাযায়। বছৰে বছৰে আমি যেন আমাৰ শিপা পাহৰি যাবলৈ লৈছোঁ। সকলোদিশে প্ৰযুক্তিৰ লগত আগবাঢ়ি যাওঁতে যাওঁতে আমি আমাৰ থলুৱা সংস্কৃতি আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ এৰাব লৈছোঁ। পোহৰৰ বাবে মাটিৰ চাকি জ্বলোৱা পৰিবৰ্তে বহুতো লোকৰ বাবে ভিন্নৰঙী লাইটবোৰ বেছি সহজলভ্য হৈ পৰিছে। মাটিৰ চাকিৰ পৰিবৰ্তে লাইট অথবা কেণ্ডেলেৰে ঠাইবোৰ পোহৰাই তুলিলে দেৱালীৰ প্ৰকৃততা নাইকীয়া হৈ যাব। তাৰোপৰি ফটকা ফুটোৱাৰ উৎসৱ আছেই। সঁচাকৈ দেৱালী বুলিলেই এতিয়াৰ সৰু ল'ৰা ছোৱালীবোৰৰ মনত আগতে ফটকাৰ কথ...
সময়

সময়

Poem
সময়বোৰ সলনি হ'ল, মোবাইলৰ স্ক্ৰীনখনতে আবদ্ধ এতিয়া মাৰ নিচুকনি গীতবোৰ । দেউতাৰ কোলাখনে এতিয়া উচুপি উচুপি চায় গাড়ীৰ ছিটটোলৈ । আইতাৰ হাতে বনোৱা পুতলাবোৰ এতিয়া আৰু ক'ত, সেয়াওচোন সেই ৰঙীন কাগজবোৰৰ বিনিময়ত পোৱা হ'ল । ককাদেউতাৰ কোলাত বহি সাধু শুনাৰ মাদকতাবোৰৰ অধিকাৰী এতিয়া টিভিটোৱেই হ'ল [DISPLAY_ULTIMATE_SOCIAL_ICONS]...
আকাশখন চালেই

আকাশখন চালেই

Poem
হোষ্টেলৰ চাদত বহি ৰাতি আকাশখনলৈ চালে মনত পৰে এৰি অহা মৰু অথচ তৰা ফুটুকী আকাশখন আকাশখন মাৰ ; তমসাৰ এই আকাশখন চালেই মনত পৰে এৰি অহা বিষন্ন পদূলিৰ পোহৰ পোহৰ মুখখনি মুখখনি মাৰ । [DISPLAY_ULTIMATE_SOCIAL_ICONS]
পাণমছলা আৰু পিক পেলোৱাৰ সমস্যা

পাণমছলা আৰু পিক পেলোৱাৰ সমস্যা

Article
বিগত কেইটামান বছৰত নৱপ্ৰজম্মৰ যুৱক-যুৱতিৰ লগতে কিশোৰসকলোকো আকৰ্ষিত কৰি আহিছে কিছুমান শ্ৰুতিমধুৰ বাক্য লিখা থকা ৰঙীণ পেকেটে। কেশৰ বা ইলাচিৰ গুৰি বুলি বিজ্ঞাপনত দেখুওৱা এই পাণমছলা বিধ বহুতো বেমাৰৰ কাৰণ হৈ পৰিছে। বিখ্যাত অভিনেতাবোৰে ডাঙৰ চহৰত বনোৱা বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি বাতৰি-কাকতৰ প্ৰথম পৃষ্ঠাত দেখা পোৱা সেই অভিনেতাজনে হাতত লৈ থকা পেকেটোৰ ছবিখনলৈ এই কেশৰ, ইলাচিৰ ব্যৱসায়টো আমি ভবাতকৈ বহুতেই বেলেগ। ভাৰতত চকলেটৰ কোম্পানীয়ে ১৬০০০ কৌতি টকা আৰু বিস্কুটৰ কোম্পানীয়ে ৩৭০০০ কৌতি টকাৰ ব্যৱসায় কৰি থকা অৱস্থাত ২০২১ চনৰ মতে পাণমছলাৰ কোম্পানীয়ে কিন্তু ৪১,৮২১ কৌতি টকাৰ ব্যৱসায় কৰি আছে। তেনেস্থলত এজন ডাঙৰ অভিনেতাৰ দ্বাৰা বিজ্ঞাপন বনাই তেওঁক ১০ কৌতি টকা দিলেও পাণমছলাৰ ব্যৱসায়ৰ মাত্ৰ ০.০২% হে খৰচ হয়। পানমছলা ৰপ্তানি কৰাত ভাৰত পৃথিৱীৰ ভিতৰতেই প্ৰথম স্থানত আছে আৰু ভাৰতৰ পৰা আটাইতকৈ বেছিকৈ আমদানি কৰা দে...
অমৃত মহোৎসৱ

অমৃত মহোৎসৱ

Feature
আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ উপলক্ষে ভাৰতবাসীয়ে পালন কৰি অহা ‘আজাদি কা অমৃত মহোৎসৱ’ ৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত দেশপ্ৰেম যোগাই তোলাৰ মানসেৰে ‘হৰ ঘৰ তিৰংগা’ শীৰ্ষক অভিজান‌ আৰম্ভ কৰিছে। স্বাধীনতাৰ হিৰক জয়ন্তীৰ বছৰটো বিগত সময়চোৱাত দেশখনে লাভ কৰা সফলতা আৰু বিফলতা বিশ্লেষণৰ সুযোগ হিচাপে গ্ৰহণ কৰিব পৰা যায়। স্বাধীন জাতি হিচাপে পয়সত্তৰ বছৰ আমাৰ বাবে খুব কম সময় নাছিল। এই বৃহৎ সময়ছোৱাত কিছুমান দিশত ভাৰতে সফলতা অৰ্জন কৰাতো অনস্বীকাৰ্য। ৰাস্তা-ঘাট-দলং আদি নিৰ্মাণৰ পৰা আৰম্ভ কৰি বিজ্ঞান-প্ৰযুক্তিৰ দিশলৈ দেশখনে কিছু পৰিমাণে হ’লেও উন্নতি কৰা কথাটো নুই কৰিব নোৱাৰি। কিন্তু সেই অনুপাতে মূলতঃ মূল্যবৃদ্ধিৰ প্ৰকোপত দৰিদ্ৰতাৰ সংখ্যা সন্তোষজনক ভাৱে হ্ৰাস নহ’ল। দেশখনৰ জনসংখ্যা বৃদ্ধিৰ সমস্যাৰ ফলস্বৰূপে আ...
মা

মা

Feature
আজি ৮ মে’। অৰ্থাৎ মাতৃ দিৱস। আন সকলো দিৱসবোৰৰ দৰে বছৰটোত এদিন মাতৃসকলোৰো বিশেষ দিন আহে। এই মাতৃ দিৱস পৃথিৱীৰ বিভিন্ন ঠাইত বেলেগ বেলেগ দিনত পালন কৰা হয়। ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্না জাৰভিসে পোন প্ৰথমবাৰৰ বাবে তেওঁৰ মাতৃ এন জাৰভিসৰ বাবে এই মাতৃ দিৱস পালন কৰিছিল বুলি জানিব পৰা যায়।একেলগে বিশ ডাল হাড় ভঙাৰ সমান কষ্ট সহ্য কৰি এটা সন্তান জন্ম দিয়াৰ পিছতো তেওঁ সুখী হয় একমাত্ৰ সেই কণমানিটোৰ মুখলৈ চাই। সন্তানৰ মুখলৈ চালেই যিয়ে তাৰ প্ৰয়োজন বুজি পায় সেইগৰাকীয়েই হ’ল ‘মা’। মাতৃ হ’ল এটি সন্তানৰ প্ৰথম শিক্ষাগুৰু। ‘মা’ এটি এনেকুৱা শব্দ যাক পৃথিৱীৰ কোনো ভাষাৰেই কৈ শেষ কৰিব নোৱাৰি। ‘মা’ মানেই সাহস, ‘মা’ মানেই সুখ, ‘মা’ শব্দটিয়েই হ’ল অলেখ ভাষাৰ ভৰাল। মাৰ বিষয়ে যিমান ক’লেও চোন কৰোবাত কিবা এটা আধৰুৱা হৈ ৰয় এই শব্দবোৰ। মাতৃ অবিহনে সকলো সন্তানৰে পৃথিৱী শূণ্য যেন লাগে। জীৱনৰ প্ৰতিটো খোজতে সন্তা...
পৰীক্ষা জৰুৰী নে নম্বৰ

পৰীক্ষা জৰুৰী নে নম্বৰ

Feature
পৰীক্ষা হ’ল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জ্ঞান জুখি চোৱাৰ এক মাধ্যম। পৰীক্ষাৰ লগত ছাত্ৰ-ছাত্ৰীৰ মনৰ অৱস্থা জড়িত হৈ থাকে । পৰীক্ষা এটিয়ে শিক্ষাৰ্থী এগৰাকীৰ আত্মবিশ্বাস দৃঢ় কৰাৰ লগতে মনোবলো বৃদ্ধি কৰি তোলে ।   হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ল শিক্ষাৰ্থী এগৰাকীৰ জীৱনত সফলতাৰ দিশে খোজ দিয়া প্ৰথমটো খোজ। তেনে ক্ষেত্ৰত আৰম্ভণিতে পৰীক্ষা নিদিয়াকৈ ফলাফল পালে তেওঁলোকৰ ভবিষ্যত কোন দিশে গতি কৰিব ? একেদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ পৰা শিক্ষাৰ্থী এগৰাকীয়ে নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিবলৈ সাহস কৰিব পাৰে । তেনে স্থলত পৰীক্ষা বিহীন নম্বৰে জানো তেওঁলোকক সাহস দিব পাৰিব ? পৰীক্ষা নোহোৱাকৈ কেৱল মূল্যায়নৰ পৰাই জানো ছাত্ৰ-ছাত্ৰীৰ বুদ্ধি – মত্তা বা জ্ঞানৰ পৰিচয় পাব পাৰি ?আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ সুনাগৰিক হ’ব, সেই কথা লক্ষ্য ৰাখি ভৱিষ্যতে যিকোনো পৰিস্থিতিতে পৰীক্ষা বাতিল কৰাৰ আগতে চৰকাৰে যাতে এব...
শৰৎৰ অনুভৱ

শৰৎৰ অনুভৱ

Feature
শুকুলা মেঘৰ নাচোনেৰে, শেৱালিৰ সুগন্ধৰে, বকুল ফুলৰ সুবাসেৰে আৰু কঁহুৱাৰ সৌন্দৰ্যৰে হিমচেচাঁ কুঁৱলিৰ স্পৰ্শ অনুভৱ কৰাবলৈ আকৌ আহিল ঋতুৰাণী শৰৎ। শৰৎ মানেই এক মিঠা শিহৰিত অনুভৱ। শৰৎ বুলিলেই প্ৰথমে মনলৈ আহে শেৱালীৰ সেই মনোমোহা সুবাস। শৰৎ আৰু শেৱালীৰ মাজৰ সম্পৰ্ক যেন অনাদি কালৰ পৰাই চলি আহিছে। শৰৎৰ ৰাতিপুৱা শেৱালীৰ তলত দুৱৰিৰ দলিচাৰ ওপৰত শুভ্ৰ সাজ পিন্ধি শ্যামল ফোট লোৱা কোমল শেৱালী ফুলবোৰ পৰি হাঁহি থকা দেখিলে মনত এক অনাবিল সুখ পোৱা যায়। বাৰিষাৰ নীলা আকাশৰ বুকুৰ পৰা ক’লা মেঘৰ আৱৰণ আতৰাই আমাৰ জীৱনবোৰত শৰতে আনে সুখৰ খবৰ। সেউজীয়া পথাৰখনেও যৌৱন প্ৰাপ্ত হয় শৰৎৰ পৰসত। শৰৎৰ আগমনত গছ – গছনি, ফুল- লতা নতুনকৈ হালিছে। বৰষুণে তিয়াই যোৱা প্ৰকৃতিৰ বুকুলৈ নামিছে চঞ্চলতা। শেৱালীৰ কলিৰ আৰম্ভণিৰে মনোমোহা হয় জোনাকী সন্ধিয়া, আমোলমোলাই শেৱালীৰ গোন্ধ, সেই গোন্ধৰ মাদকতাৰে সৈতে নিয়ৰত সেমেকি উঠে ৰাতিপুৱা। সুজলা – স...
বকুল ফুলৰ দৰে

বকুল ফুলৰ দৰে

Feature
মৃণাল কলিতাদেৱৰ “বকুল ফুলৰ দৰে” কিতাপখন‌ ছমাহ মান আগতেই মোৰ ভাল লগা কিতাপবোৰৰ মাজত এখন হৈ পৰিছিল আৰু যিদিনাখন কিতাপখনে সাহিত্য একাডেমী বঁটা লাভ কৰা খবৰটো পাইছিলো সেইদিনা কেনেকুৱা লাগিছিল সেয়া হয়তো বুজোৱা টান হ’ব। “বকুল ফুলৰ দৰে” সচাঁকৈ নিভাজ সোণৰ শব্দৰে গঢ়া এখন কিতাপ। অসীম, নিৰ্মল, অনুভৱ মাষ্টৰ, মহেন্দ্ৰ মাষ্টৰ, জিলমিল, অসীমৰ মাক দেউতাক, আজলী, সীমান্ত প্ৰত্যেকটো চৰিত্ৰই আমাৰ হৃদয়ৰ একোণত ঠাই লৈছে। কিতাপখনৰ কাহিনী ভাগ প্ৰকৃততে যিকোনো বয়সৰ লোকেই পঢ়ি ভাল পাব পৰা ধৰণৰ কাহিনী। কাহিনীটোৱে শিক্ষাৰ্থী – শিক্ষকৰ পৰা আৰম্ভ কৰি বন্ধুত্ব, অভিভাৱক আদি সকলোকে সামৰি লৈছে। অসীমৰ অসীম পৰিশ্ৰম আৰু একাগ্ৰতাই তাক কেনেদৰে সাফল্যৰ পথত আগবঢ়াই নিয়ে সেয়া সচাঁকৈ আৱেগিক কৰি তোলা এক কাহিনী। নিৰ্মলৰ নিৰ্মল বুকুখনত সেই জন্মগত অসুখটোৰ কথাটোৱে পাঠকৰ হৃদয়ৰ কোনোবাখিনিত অলপ হ’লেও খুন্দা মাৰি থৈ যাব। অসীম আৰু নিৰ্মল...