দেৱালী আৰু আমাৰ সংস্কৃতি
দেৱালী হ'ল পোহৰৰ উৎসৱ। যুগ যুগান্তৰ ধৰি এই উৎসৱ চলি আহিছে। জনবিশ্বাসমতে ৰামায়ণৰ কাহিনী অনুসৰি এই উৎসৱ পালন কৰে বুলি কোৱা হয়। ৰাম - সীতা আৰু লক্ষ্মণ চৈধ্য বছৰ বনবাস সম্পূৰ্ণ কৰি ঘৰলৈ ঘূৰি আহোঁতে অযোধ্যাবাসীয়ে সকলো ঠাই চাকিৰ পোহৰেৰে উজ্বলাই তুলিছিল বুলি শুনিবলৈ পোৱা যায়। কিন্তু আজিৰ পৰা কেইবছৰমান আগতে থকা দেৱালীৰ পৰিৱেশ যেন এতিয়া দেখা পোৱা নাযায়। বছৰে বছৰে আমি যেন আমাৰ শিপা পাহৰি যাবলৈ লৈছোঁ। সকলোদিশে প্ৰযুক্তিৰ লগত আগবাঢ়ি যাওঁতে যাওঁতে আমি আমাৰ থলুৱা সংস্কৃতি আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ এৰাব লৈছোঁ। পোহৰৰ বাবে মাটিৰ চাকি জ্বলোৱা পৰিবৰ্তে বহুতো লোকৰ বাবে ভিন্নৰঙী লাইটবোৰ বেছি সহজলভ্য হৈ পৰিছে। মাটিৰ চাকিৰ পৰিবৰ্তে লাইট অথবা কেণ্ডেলেৰে ঠাইবোৰ পোহৰাই তুলিলে দেৱালীৰ প্ৰকৃততা নাইকীয়া হৈ যাব। তাৰোপৰি ফটকা ফুটোৱাৰ উৎসৱ আছেই। সঁচাকৈ দেৱালী বুলিলেই এতিয়াৰ সৰু ল'ৰা ছোৱালীবোৰৰ মনত আগতে ফটকাৰ কথ...








