বলি বিশ্বাস নে অন্ধবিশ্বাস
আমাৰ পৃথিৱীত ভগৱান নামৰ এক ঐশ্বৰিক শক্তি আছে বুলি আমি সকলোৱে বিশ্বাস কৰোঁ। এই ভগৱানেই আমাৰ সৃষ্টিকৰ্তা – বিধাতা। কিন্তু ভগৱানৰ নামতেই যুগ যুগ ধৰি বিভিন্ন প্ৰথা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। এই প্ৰথাবোৰৰ মাজত কিছুমান এনেকুৱা প্ৰথাও প্ৰচলন হৈ আছে যিবোৰ প্ৰথা কেৱল মাত্ৰ অন্ধবিশ্বাসৰ বাবে প্ৰচলিত হৈ থকা বুলি ক’লেও ভুল কোৱা নহ’ব। অন্ধবিশ্বাসৰ কৱলত পৰি প্ৰচলিত হৈ থকা এটি উল্লেখনীয় প্ৰথা হ’ল বলি দিয়া প্ৰথা। বিশেষকৈ পূজা জাতীয় উৎসৱবোৰত বলি দিয়াৰ প্ৰথাটো কৰা হয়। পূজা বুলি ক’লেই মনত এক পবিত্ৰ অনুভৱ জাগ্ৰত হয় । তেনে স্থলত এটা নিৰ্দোষী নিৰীহ জীৱন এটাক হত্যা কৰি পেলোৱাতো বাৰু পাপ নহয়নে। এসময়ত নৰবলি দি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু সময়ৰ সোঁতত আৰু আইনৰ জৰিয়তে সেই নৰবলি প্ৰথাৰ অন্ত পেলোৱা হ’ল। তথাপি আধুনিকতাৰ সাজ পিন্ধি ঘুৰি ফুৰা আমাৰ শিক্ষিত সমাজখনত এই বলি দিয়া প্ৰথাৰ শেষ নহ’ল...








