মূল্যবৃদ্ধিয়ে কোঙা কৰিলে জীৱন
যোৱা এবছৰৰ পৰা আমাৰ দেশত যিটো গতিত মূল্যবৃদ্ধি হ’ব ধৰিছে সাধাৰণ মানুহে জীয়াই থকাটো অসম্ভৱেই হৈ পৰিছে। সকলো বস্তুৰ মূল্যবৃদ্ধিয়ে খাতিখোৱা মানুহক দিনক দিনে দৰিদ্ৰতাৰ পথলৈ ঠেলি দিছে ।মূল্যবৃদ্ধি বুলি ক’লেই বৰ্তমান তেলৰ কথাই মনলৈ অহে। যিহেতু তেল নোহোৱাকৈ আমি এসাঁজ ভাতো খাব নোৱাৰো, সেয়ে ১০০ টকাৰ পৰা ২০০ টকা হ’লেও আমি তেল কিনি খামেই। একেদৰে অতিকৈ সাধাৰণ খাদ্য দালী , যি আমাৰ চকুৰ পলকতে ৬০/৭০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বাঢ়ি গ’ল। তথাপিও আমি সেয়া খাব লাগিব। ঠিক তেনেদৰে সু স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে আমাক ফল-মূল, সতেজ শাক পাচলি আদিৰ প্ৰয়োজন। কিন্তু বজাৰত বস্তুবোৰৰ জুই চাই দামৰ বাবে সেইবোৰ কিনিবলৈও বহুবাৰ ভাবিব লগা হয়। ইমানবোৰৰ পিছতো ভেজাল খাদ্য, অধিক চিন্তা অথবা আন কিবা বেমাৰৰ পৰা আৰোগ্য হ’বলৈ ঔষধেও দামৰ ক্ষেত্ৰত পিছপৰি নাথাকিল। এতিয়াৰ এই যান্ত্ৰিকতাৰ পৃথিৱীত আমাৰ দৈনন্দিন জীৱনৰ অতিকে সুবিধা...








