
মূল্যবোধৰ অৱক্ষয়
বৰ্তমানৰ যুগটো হৈছে যান্ত্রিকতাৰে ভৰা যুগ। এই সময়ত প্রতিজন ব্যক্তিয়ে এটা আধুনিক জীৱনৰ সৈতে নিজক খাপ খুৱাই ব্যস্ত হৈ পৰিছে। ফলস্বৰূপে হয়তো তেজৰ সম্পৰ্কেৰে বান্ধ খাই থকা পৰিয়াল একোটাত আপোনজনৰ বাবে অলপ সময়ৰ অভাৱ ঘটিছে। আমি নিজকে একোজন সুস্থ ব্যক্তিত্ব ব্যক্তি ৰূপে গঢ় দিবলৈ হ’লে এটা সুস্থ পৰিবেশৰ আৰু সুস্থ চিন্তাৰ প্ৰয়োজন হোৱাৰ লগতে আমাৰ জীৱনৰ লগত জড়িত সম্পৰ্কবোৰকো মজবুত কৰি ৰখাটো সিমানেই প্ৰয়োজনীয়। আমাৰ চিন্তা-ভাৱনাবোৰ কোনো দৰ – দাম কৰিব পৰা ধৰণৰ বস্তু নহয়। কিন্তু প্ৰকৃততে আমি আমাৰ চিন্তা-ভাৱনাবোৰক কি ধৰণে প্ৰকাশ কৰিছোঁ বা আমাৰ চিন্তা-ভাৱনাবোৰে আমাক কিদৰে পৰিচালিত কৰিছে সেইটোহে চিন্তনীয় কথা।
‘ঘৰখনেই শিক্ষাৰ কঠিয়াতলি’ – উক্ত বাক্যশাৰীয়ে এজন ব্যক্তিৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। শিশু এটাৰ জন্ম হোৱাৰ পাছত শিশুটোৱে পৰিয়ালৰ সদস্যসকলৰ পৰা কেনেকুৱা পৰিৱেশত কেনেকুৱা শিক্ষা বা জ্ঞান প...