
আমাৰ ধৈৰ্য কমিল
মোবাইল ফোনটো আমাৰ বাবে কিমান লাগতীয়াল বস্তু সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। কিন্তু এই মোবাইল ফোনটোৱে এতিয়া আকৌ অলপ বেলেগ ধৰণেৰে আমাক মোহিত কৰি আছে। কিছু সময়ৰ পৰা শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষিত কৰি ৰখা এবিধ বস্তু হৈছে shorts ভিডিঅ' (চুটি ভিডিঅ')। মোবাইল ফোনৰ প্ৰায় আটাইকেইটা সামাজিক মাধ্যমৰ এপতে এই ৩০ ছেকেণ্ড বা ১ মিনিটৰ ভিডিও কেইটা দেখিবলৈ পোৱা যায়। এই ভিডিঅ'বোৰে আমাৰ দৈনন্দিন জীৱনত কিমান ক্ষতিকাৰক প্ৰভাৱ পেলাই আছে সেয়া হয়তো আমি অনুভৱ নকৰোঁ। মোবাইল ফোনত ভিডিঅ' আমি সকলোৱে চাওঁ। তথাপিও কিন্তু এই চুটি ভিডিওবোৰ আমাৰ এতিয়া বেছি ভাল লগা হৈ আহিছে।
কিছু তথ্য অনুসৰি জানিব পৰা গৈছে যে চুটি ভিডিঅ'সমূহ দীঘলীয়া ভিডিঅ'তকৈ ২.৫ গুণে বেছি আকৰ্ষণীয় হয়। এই চুটি ভিডিঅ'বোৰ এবাৰতকৈ বেছিকৈ চালেও দৰ্শকৰ আমনি নালাগে। এনেকুৱা ভিডিঅ'বোৰে দৰ্শকক তৎক্ষণাৎ মোহিত কৰিব পাৰে। এনে...