আৰু কিমান প্লাষ্টিক
প্লাষ্টিক আমাৰ বাবে কিমান ক্ষতিকাৰক সেয়া হয়তো আমি সকলোৱে জানো। তথাপিও আমি তাক পৰিহাৰ কৰিব নোৱাৰোঁ। প্লাষ্টিক আমাৰ দৈনিক প্ৰয়োজনীয় বস্তুৰ তালিকাৰ এবিধ বুলি ক'লেওঁ ভূল কোৱা নহ'ব। প্লাষ্টিকে আমাক কেনেদৰে সকলো ফালৰ পৰা ঘেৰি ধৰি ৰাখিছে সেয়া বুজি উঠাটো এতিয়া আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় কথা। যোৱা ৭০ বছৰত প্লাষ্টিক উৎপাদন তীব্ৰভাৱে বৃদ্ধি পাইছে। ১৯৫০ চনত বিশ্বত মাত্ৰ ২০ লাখ টন প্লাষ্টিক উৎপাদন হৈছিল। কিন্তু এতিয়া ৪৫ কোটি টনৰো অধিক প্লাষ্টিক উৎপাদন হয়। শেহতীয়াকৈ নেচাৰ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰত বিশ্বৰ ১ নম্বৰ প্লাষ্টিক প্ৰদূষক দেশত পৰিণত হৈছে। যোৱাবাৰ চীন এই তালিকাৰ শীৰ্ষত আছিল। কিন্তু তাৰ পিছতেই চীনে এই বিষয়টোক গুৰুত্বসহকাৰে লৈছিল আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়েহে চীন এতিয়া এই তালিকাৰ ৪ নম্বৰলৈ নামি গৈছে। আমি প্ৰতি বছৰে ...







