বৰ্তমান আমাৰ চাৰিওফালে সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ সমস্যাবোৰৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ সমস্যাও এক ভয়ানক সমস্যা ৰূপে গা কৰি উঠিছে । জনসংখ্যা বৃদ্ধি এক এনেকুৱা ধৰণৰ সমস্যা যি আমাৰ অজ্ঞাতে আচৰিত ধৰণে বৃদ্ধি পাব ধৰিছে। এছিয়া মহাদেশৰ গোটেই দেশবোৰৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত চীনৰ পাছতেই ভাৰতবৰ্ষই দ্বিতীয় স্থান দখল কৰি আছে । ২০২০ বৰ্ষত ভাৰতৰ মুঠ জনসংখ্যা হ’ল প্ৰায় ১৩৮ কৌতি, অৰ্থাৎ পৃথিৱীৰ ভিতৰতো ভাৰত দ্বিতীয় স্থানত আছে। “জাতিসংঘৰ জনসংখ্যা প্ৰতিবেদন” ৰ তথ্য অনুসৰি ২০১০ ৰ পৰা ২০১৯ লৈ ভাৰতৰ বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ ১.২ ৰ পৰা ১.৩৯ হয়গৈ, যি চীনৰ বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ তুলনাত দুগুণ বেছি। যদি এনেদৰেই ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি হৈ থাকে তেন্তে ২০৩০ চনলৈ ভাৰতবৰ্ষই প্ৰথম স্থান পাবগৈ।একেদৰে উত্তৰ- পূব ভাৰতত অৱস্থিত আমাৰ ৰাজ্য অসমও জনসংখ্যাৰ ফালৰ পৰা পিছপৰি থকা নাই। বিগত দহবছৰত ১৬.৯৩% বৃদ্ধিৰ হাৰত অ...