
বকুল ফুলৰ দৰে
মৃণাল কলিতাদেৱৰ “বকুল ফুলৰ দৰে” কিতাপখন ছমাহ মান আগতেই মোৰ ভাল লগা কিতাপবোৰৰ মাজত এখন হৈ পৰিছিল আৰু যিদিনাখন কিতাপখনে সাহিত্য একাডেমী বঁটা লাভ কৰা খবৰটো পাইছিলো সেইদিনা কেনেকুৱা লাগিছিল সেয়া হয়তো বুজোৱা টান হ’ব। “বকুল ফুলৰ দৰে” সচাঁকৈ নিভাজ সোণৰ শব্দৰে গঢ়া এখন কিতাপ। অসীম, নিৰ্মল, অনুভৱ মাষ্টৰ, মহেন্দ্ৰ মাষ্টৰ, জিলমিল, অসীমৰ মাক দেউতাক, আজলী, সীমান্ত প্ৰত্যেকটো চৰিত্ৰই আমাৰ হৃদয়ৰ একোণত ঠাই লৈছে। কিতাপখনৰ কাহিনী ভাগ প্ৰকৃততে যিকোনো বয়সৰ লোকেই পঢ়ি ভাল পাব পৰা ধৰণৰ কাহিনী। কাহিনীটোৱে শিক্ষাৰ্থী – শিক্ষকৰ পৰা আৰম্ভ কৰি বন্ধুত্ব, অভিভাৱক আদি সকলোকে সামৰি লৈছে। অসীমৰ অসীম পৰিশ্ৰম আৰু একাগ্ৰতাই তাক কেনেদৰে সাফল্যৰ পথত আগবঢ়াই নিয়ে সেয়া সচাঁকৈ আৱেগিক কৰি তোলা এক কাহিনী। নিৰ্মলৰ নিৰ্মল বুকুখনত সেই জন্মগত অসুখটোৰ কথাটোৱে পাঠকৰ হৃদয়ৰ কোনোবাখিনিত অলপ হ’লেও খুন্দা মাৰি থৈ যাব। অসীম আৰু নিৰ্মল...